Tuesday, July 31, 2018

মোৰ ঠিকনা নুসুধিবি অ ককাই

মোৰ ঠিকনা নুসুধিবি অ ককাই
                        :::::::::::::::::::::শুভ অসম
নিজৰ ঠিকনা যেতিয়া দিবই নোৱাৰিলোঁ
নিজেই বুজি ল' অ ককাই
নদীৰ বুকুত হেৰোৱা সেই গাঁও খনৰে লৰা মই ‌।
ফুটপাথত পৰি থকা দেখা পায়
কেতিয়াও নাভাবিবি মোৰ যে ঘৰ বাৰী নাই ,
আজিও জীয়াই আছে
এমুঠিমান স্মৃতি হৈ
মোৰ আপোন গাঁও খন ,
মোৰ হেঁপাহৰ ঘৰ খন ,
দুৱৰী বনে ভৰা চোতালখন আৰু চোতালৰ মাজত থকা শেৱালি জোপা ,
লৰালি সমনীয়া সৈতে ৰঙা-নীলা চিলা উৰুৱাই দৌৰি ফুৰা সেউজীয়া পথাৰ খন ,
সৰুতে চাইকেল শিকা কেঁচা আলি-বাট ,
স্কুল কেইখনত , গাঁৱৰ চুবুৰীয়া আৰু . . .
আৰু . . . ।
লেতেৰা কাপোৰেৰে দেখা পায়
ককাই অ , মোক নুসুধিবি তোৰ ঘৰ ক'ত বুলি !
বৰ মনত পৰে অ হেৰুৱা হেঁপাহৰ ঘৰ খনলৈ
নদীৰ বুকুত বিলীন হোৱা আপোন গাঁৱলৈ ।
এদিন ওভতি যায়
কৰবাত হেৰাই যোৱা মানুহো
ওভতি যায় ভাগৰুৱা অস্ৰধাৰী দেশপ্ৰেমিক ,
মোৰো গাঁৱলৈ ওভতি যাব মন
ফুটপাথত জীৱন কটাব কাৰ নো মন ।
মোক ঘৰৰ ঠিকনা নুসুধিবি অ ককাই
মোৰ গাঁৱৰ ঘৰলৈ বৰ মনত পৰে অ ।।