Tuesday, October 30, 2018

ৰঙামেঘ

ৰঙামেঘ
           ✍শুভ অসম
উসঃ ভালপোৱা ! মোৰ প্ৰেম !
ভালপোৱা হেঁপাহবোৰ বতাহতেই ওপঙি আছে ,
উশাহত যেন স্মৃতিবোৰ লৈ ফুৰিছোঁ,
থপিয়াই আনিম যেন আকাশৰ জোন,
সিঁচি দিম মুঠি মুঠি জোনাক
জোনাকী পৰুৱা ধৰিম…
আসঃ!
তুমি জানানে ৰঙামেঘ
প্ৰেম মানেইতো
হিয়াৰ এপাহি
সুগন্ধি ফুল!!
কিন্তু  যেতিয়া প্ৰেমৰ আস্হা
আৰু বিশ্বাসৰ প্ৰাচীৰ ভাগি যায়,
ঠিক তেতিয়াই দুভৰি থমকি ৰয়,
হাজাৰটা বিষাদৰঙী মৰহা স্বপ্নমধূৰ শব্দবোৰে
মোক বৰকৈ কন্দুৱাই অ……
তুমি বুজিবানে ৰঙামেঘ
মোৰ ভগ্ন হৃদয়ৰ সেই
সেমেকা হালধীয়া কথাবোৰ ।
………………………………………
………………………………………
✍ শুভ অসম

No comments:

Post a Comment