Tuesday, June 19, 2018

সপোন

কিযে সুন্দৰ মোৰ
    সপোনৰ পৃথিৱী,
মই যে তাত ঘূৰি-ফুৰি
    খাঁও হাবাথুৰি।
মোৰ এই সপোন
     অলিক কল্পনাৰ দৰে,
মই এই সপোন ৰঁচো
       অশেষ প্ৰেৰণাৰে।
মোৰ এই সপোন
       বহুত বিশাল,
এই সপোন যদি হয় বাস্তৱত পৰিণত
     হ'ম মই জীপাল।
যেনেকৈ এজোপা মৰহি যোৱা
       ফুলগছত পানী দিলে,
ফুলপাহ হয় ধুনীয়া।
তেনেকৈ মোৰ মনৰ সপোনটিক
    ৰহন সানিবলৈ ,
মোৰ মনটি বলিয়া ।
::::::::::::::::বিক্ৰম দত্ত:::::::::::::::

বিজ্ঞানৰ গৰাকী

বিজ্ঞান,বিজ্ঞান হৈচে
       নতুন প্ৰযুক্তি,
বিজ্ঞানন দ্বাৰাই প্ৰকাশ হয়
        নতুন নতুন শক্তি।
২৮ ফেব্ৰুৱাৰীত পাতে বিদ্যালয়ত
      বিজ্ঞান দিৱস,
তাতে সকলোৱে স্মৰণ কৰে
     চাৰ চি.ভি. ৰমণক ।
চাৰ চি.ভি.ৰমণ আছিল এজন
      পদাৰ্থ বিজ্ঞানী,
তেঁও কৈছিল যে
"সুৰৰো আছে তৰংগধ্বনি"।
বিজ্ঞান মই বৰ ভাল পাঁও,
  বিজ্ঞানৰ নানা আৱিস্কাৰ দেখিলে,
     মই আৰু ওচৰ চাপি যাঁও।
:::::::::::::::::::বিক্ৰম দত্ত::::::::::::::::::::

মোৰ মন যায়

মোৰ মন যায়
       বেলি হ'বলৈ,
পৃথিৱীক নিতৌ
       পোহৰ দিবলৈ।
মোৰ মন যায়
      তৰা হ'বলৈ,
ৰাতিৰ আকাশত
     জিক-মিক কৰি থাকিবলৈ।
মোৰ মন যায়
      গছ হ'বলৈ,
মানুহক ফল-ফুল,বতাহ
        আদি দিবলৈ।
মোৰ মন যায়
        সেনা হ'বলৈ,
মোৰ মাতৃভূমিক শত্ৰুৰ পৰা
       ৰক্ষা কৰিবলৈ।
নাজানো মই পাৰিম নে নাই
   ইমানবোৰ হ'বলৈ,
তথাপিও চেষ্টা মই বৰ্তাই ৰাখিম
    অনন্ত কাললৈ।
:::::::::::::::::::: বিক্ৰম দত্ত:::::::::::::::::

Sunday, June 17, 2018

বৰষুণ



বৰষুণ ::::::


কবি ::: বিক্ৰম দত্ত
চি্প চি্প চি্প
বৰষুণ সৰে
মাজে মাজে বিজুলিবোৰে
ভূমুকিহে মাৰে।
গগনফলা গাজনিলৈ মোৰ
বৰ ভয় লাগে ;
ভয়তে মোক ভাইটিয়ে
সাৱতিহে ধৰে।
বৰষুণ দিলে আমাৰ
ৰাস্তা পিচল হয়;
স্কুললৈ আঁহোতে ধপচ ধপচ
পৰিব লগা হয়।
এদিন দিলে শিল বৰষুণ
লগতে পৰিল ব্জ্ৰপাত;
তেতিয়া বানপানী হ’ল
আমাৰ ৰাস্তাত ।
খাল-বিল, জান-জুৰি
গ’ল উপচি ;
বজ্ৰপাত পৰাৰ বাবে
মানুহো গ’ল মৰি ।
সেইবাবে বৰষুণ মই
মাগিচোঁ সেৱা
বজ্ৰপাতৰ প্ৰভাৱৰ পৰা
মানুহক যেন ৰক্ষা কৰা ।
____________বিক্ৰম দত্ত_____________

********************************************************************************************************************************************* বিক্ৰম দত্ত
খঁৰাগড়,শিৱসাগৰ

Confusion Love

Confusion love……

                         Dhanti Neog

Confusion confusion

It’s confusion

To say that I

Fall in with you.

But how can I

Say you

That I fall in you.

In the first sight.

How to say you

That I fall in you.

Oh my dear

How can I express

My love to you.

Oh my love

How can I

Say that I love you.

How to say you

That I love you .

How to say

I love you dear.

How to say dear

I love you

When we met.

Oh my love

What you think

When I fall in with you.

How feels you

Dear when I give you a proposal !!