Tuesday, June 19, 2018

মোৰ মন যায়

মোৰ মন যায়
       বেলি হ'বলৈ,
পৃথিৱীক নিতৌ
       পোহৰ দিবলৈ।
মোৰ মন যায়
      তৰা হ'বলৈ,
ৰাতিৰ আকাশত
     জিক-মিক কৰি থাকিবলৈ।
মোৰ মন যায়
      গছ হ'বলৈ,
মানুহক ফল-ফুল,বতাহ
        আদি দিবলৈ।
মোৰ মন যায়
        সেনা হ'বলৈ,
মোৰ মাতৃভূমিক শত্ৰুৰ পৰা
       ৰক্ষা কৰিবলৈ।
নাজানো মই পাৰিম নে নাই
   ইমানবোৰ হ'বলৈ,
তথাপিও চেষ্টা মই বৰ্তাই ৰাখিম
    অনন্ত কাললৈ।
:::::::::::::::::::: বিক্ৰম দত্ত:::::::::::::::::

No comments:

Post a Comment