কিযে সুন্দৰ মোৰ
সপোনৰ পৃথিৱী,
মই যে তাত ঘূৰি-ফুৰি
খাঁও হাবাথুৰি।
মোৰ এই সপোন
অলিক কল্পনাৰ দৰে,
মই এই সপোন ৰঁচো
অশেষ প্ৰেৰণাৰে।
মোৰ এই সপোন
বহুত বিশাল,
এই সপোন যদি হয় বাস্তৱত পৰিণত
হ'ম মই জীপাল।
যেনেকৈ এজোপা মৰহি যোৱা
ফুলগছত পানী দিলে,
ফুলপাহ হয় ধুনীয়া।
তেনেকৈ মোৰ মনৰ সপোনটিক
ৰহন সানিবলৈ ,
মোৰ মনটি বলিয়া ।
::::::::::::::::বিক্ৰম দত্ত:::::::::::::::
No comments:
Post a Comment