স্মৃতি
✍ধনটি নেওগ
যেতিয়া নামি আহে গধুলি
তেতিয়া নামি আহে বেদনা,
লগতে নামি আহে অতিতৰ স্মৃতি
আৰু ভবিষ্যতৰ চিন্তা,
হেই চিন্তাই মোক
খাইচে খুলি খুলি।
কি কৰো মই এতিয়া !
নে দুচকুত অশ্ৰু লৈ
থাকিম জিয়াই
সুন্দৰ ভবিষ্যতৰ অপেক্ষাত ।
স্মৃতি
✍ধনটি নেওগ
যেতিয়া নামি আহে গধুলি
তেতিয়া নামি আহে বেদনা,
লগতে নামি আহে অতিতৰ স্মৃতি
আৰু ভবিষ্যতৰ চিন্তা,
হেই চিন্তাই মোক
খাইচে খুলি খুলি।
কি কৰো মই এতিয়া !
নে দুচকুত অশ্ৰু লৈ
থাকিম জিয়াই
সুন্দৰ ভবিষ্যতৰ অপেক্ষাত ।
অৱহেলা
✍ ধনটি নেওগ
সপোন সদায় সপোন হৈ ৰয়
আশা সদায় আশা হৈ ৰয় ।
আপোন বুলি ভাবিলে
সদায় অচিনাকি জনো আপোন হয়
পৰ বুলি ভাবিলে
আপোনজনো পৰ হয়।
আপোনজন হেৰুৱালেহে
বুজি পোৱা যাই
অনুভৱ কৰিলেহে
বুুজিৱা যে
আপোন বুলি ভাবিবলৈও
এখন সুন্দৰ হৃদয়
লাগে বুলি।
নিজৰ অৱহেলাৰ
বাবে কোনোবাই
বুজিব জানো
কি হেৰুৱাব
লগা হ'ল।
জীৱনৰজা
✍ শুভ অসম
জীৱনটো যে আৰু জীৱন্ত কথাছবি
পৰিচালনাত
এই নিচলা নিলাম কবি ।
য'ত সদায় সুখী থকাৰ অভিনয় চলে
তাতেই গোপনীয় এখন নদী বৈ থাকে ।
দুখৰ চকুপানীৰে . . .
চুটিকৈ জীৱনটো দেখোন আধা বাট
খালী জেপে
খালী পেটেৰে গ'ল ।
যিখন নদীত মই নাৱৰীয়া আছিলোঁ
সুখৰ ঘাটটো পোৱা নগল ।।
মাঁ
তোমাৰ বুকুৰ সেউজীয়া
অৰণ্য খন শেষ হৈ
ধূলিময় মৰুভূমি হবলৈ
বেছি পৰ নাই ।
আমি মানুহ অধিক জ্ঞানী হলো,
আধুনিকতা সাবটি অবুজ হৈ
তোমাক নাঙঠ কৰিলোঁ ।
মাঁ
তোমাৰ কলিজাৰ কেঁচা তেজ
অইল নামৰ কোম্পানীয়ে উলিয়াই
তোমাৰ বুকুতে সৰু-ডাঙৰ
আলি বনাই
গধুৰ যান-বাহন দৌৰাইছো ।
ডাৱৰৰ সতে কথা পাতিব পৰাকৈ
ওখ ঘৰ বনালো ।
অন্যান্য উদ্যোগৰ পৰা নিতৌ
ধোঁৱা উলিয়াই এৰিছো ।
মাঁ
তোমাৰ উশাহ লবলৈ বৰ
কষ্ট হয় চাগে
আৰু
হয়তো তোমাৰ
কোমল বুকুখনো বিষায় ।
উন্নয়নৰ নামত অন্যায় কৰিছোঁ,
আধুনিক হৈ
অত্যাচাৰ কৰিছোঁ ।
মাঁঁ
তুমি সহ্য কৰিবই লাগিব,
অন্য নহয়
এয়া পৰিবৰ্তন ।
বিশাল আকাশৰ তলত
উদং হৈ ৰৈছা,
...আমাৰ বাবে ।।
-শুভ অসম
কিযে সুন্দৰ মোৰ
সপোনৰ পৃথিৱী,
মই যে তাত ঘূৰি-ফুৰি
খাঁও হাবাথুৰি।
মোৰ এই সপোন
অলিক কল্পনাৰ দৰে,
মই এই সপোন ৰঁচো
অশেষ প্ৰেৰণাৰে।
মোৰ এই সপোন
বহুত বিশাল,
এই সপোন যদি হয় বাস্তৱত পৰিণত
হ'ম মই জীপাল।
যেনেকৈ এজোপা মৰহি যোৱা
ফুলগছত পানী দিলে,
ফুলপাহ হয় ধুনীয়া।
তেনেকৈ মোৰ মনৰ সপোনটিক
ৰহন সানিবলৈ ,
মোৰ মনটি বলিয়া ।
::::::::::::::::বিক্ৰম দত্ত:::::::::::::::
বিজ্ঞান,বিজ্ঞান হৈচে
নতুন প্ৰযুক্তি,
বিজ্ঞানন দ্বাৰাই প্ৰকাশ হয়
নতুন নতুন শক্তি।
২৮ ফেব্ৰুৱাৰীত পাতে বিদ্যালয়ত
বিজ্ঞান দিৱস,
তাতে সকলোৱে স্মৰণ কৰে
চাৰ চি.ভি. ৰমণক ।
চাৰ চি.ভি.ৰমণ আছিল এজন
পদাৰ্থ বিজ্ঞানী,
তেঁও কৈছিল যে
"সুৰৰো আছে তৰংগধ্বনি"।
বিজ্ঞান মই বৰ ভাল পাঁও,
বিজ্ঞানৰ নানা আৱিস্কাৰ দেখিলে,
মই আৰু ওচৰ চাপি যাঁও।
:::::::::::::::::::বিক্ৰম দত্ত::::::::::::::::::::
মোৰ মন যায়
বেলি হ'বলৈ,
পৃথিৱীক নিতৌ
পোহৰ দিবলৈ।
মোৰ মন যায়
তৰা হ'বলৈ,
ৰাতিৰ আকাশত
জিক-মিক কৰি থাকিবলৈ।
মোৰ মন যায়
গছ হ'বলৈ,
মানুহক ফল-ফুল,বতাহ
আদি দিবলৈ।
মোৰ মন যায়
সেনা হ'বলৈ,
মোৰ মাতৃভূমিক শত্ৰুৰ পৰা
ৰক্ষা কৰিবলৈ।
নাজানো মই পাৰিম নে নাই
ইমানবোৰ হ'বলৈ,
তথাপিও চেষ্টা মই বৰ্তাই ৰাখিম
অনন্ত কাললৈ।
:::::::::::::::::::: বিক্ৰম দত্ত:::::::::::::::::
