Sunday, June 17, 2018

বৰষুণ



বৰষুণ ::::::


কবি ::: বিক্ৰম দত্ত
চি্প চি্প চি্প
বৰষুণ সৰে
মাজে মাজে বিজুলিবোৰে
ভূমুকিহে মাৰে।
গগনফলা গাজনিলৈ মোৰ
বৰ ভয় লাগে ;
ভয়তে মোক ভাইটিয়ে
সাৱতিহে ধৰে।
বৰষুণ দিলে আমাৰ
ৰাস্তা পিচল হয়;
স্কুললৈ আঁহোতে ধপচ ধপচ
পৰিব লগা হয়।
এদিন দিলে শিল বৰষুণ
লগতে পৰিল ব্জ্ৰপাত;
তেতিয়া বানপানী হ’ল
আমাৰ ৰাস্তাত ।
খাল-বিল, জান-জুৰি
গ’ল উপচি ;
বজ্ৰপাত পৰাৰ বাবে
মানুহো গ’ল মৰি ।
সেইবাবে বৰষুণ মই
মাগিচোঁ সেৱা
বজ্ৰপাতৰ প্ৰভাৱৰ পৰা
মানুহক যেন ৰক্ষা কৰা ।
____________বিক্ৰম দত্ত_____________

********************************************************************************************************************************************* বিক্ৰম দত্ত
খঁৰাগড়,শিৱসাগৰ

No comments:

Post a Comment