Tuesday, October 30, 2018

ৰঙামেঘ

ৰঙামেঘ
           ✍শুভ অসম
উসঃ ভালপোৱা ! মোৰ প্ৰেম !
ভালপোৱা হেঁপাহবোৰ বতাহতেই ওপঙি আছে ,
উশাহত যেন স্মৃতিবোৰ লৈ ফুৰিছোঁ,
থপিয়াই আনিম যেন আকাশৰ জোন,
সিঁচি দিম মুঠি মুঠি জোনাক
জোনাকী পৰুৱা ধৰিম…
আসঃ!
তুমি জানানে ৰঙামেঘ
প্ৰেম মানেইতো
হিয়াৰ এপাহি
সুগন্ধি ফুল!!
কিন্তু  যেতিয়া প্ৰেমৰ আস্হা
আৰু বিশ্বাসৰ প্ৰাচীৰ ভাগি যায়,
ঠিক তেতিয়াই দুভৰি থমকি ৰয়,
হাজাৰটা বিষাদৰঙী মৰহা স্বপ্নমধূৰ শব্দবোৰে
মোক বৰকৈ কন্দুৱাই অ……
তুমি বুজিবানে ৰঙামেঘ
মোৰ ভগ্ন হৃদয়ৰ সেই
সেমেকা হালধীয়া কথাবোৰ ।
………………………………………
………………………………………
✍ শুভ অসম

Monday, September 17, 2018

My Love

My Love
✍Dhanti Neog
O my Jaan
Why you leave me alone?
Do you know that
Without you
How can I live?
You know that
Without you
I can't live in the world.
Every breath of my life
I have only feels you.
Oh my love
Now come to my life again.
First I have ignored you
And thought I can live without you.
But later  I have realized
That  I can't live without you.
Hey God
Give me the  power to
Live without my sweetheart.
Otherwise invite me
To live with you.
O... My jaan
I don't  know where are you?
I don't know how you live?
I don't know what's you have feels?
But I have feels only about you.
And miss you so much.
Impossible to write ,
Impossible to express my feelings.
There's nobody
With whom I can share my feelings?
No one can understand
My feelings without you.
O.... My Jaan
Live happily where you have.
I only wanna to know
You are now happy.
I am so happy
To know that
If you you have so happy.
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
{ I (Dhanti) have dedicated this poem to my sweetheart .}

My Life

My Life
     ✍ Dhanti Neog

I have loss everything
Nothing is with me
What can I do Now?
Only I have left my tears
That is only on my eyes.
Now How can I
pass my Sleepless nights?
What can I do?
Nothing!

Nobody tried to share
My sorrows.
Now I have thought
The friend did in indeed.

স্মৃতি

স্মৃতি
        ✍ধনটি নেওগ

যেতিয়া নামি আহে গধুলি
তেতিয়া নামি আহে বেদনা,
লগতে নামি আহে অতিতৰ স্মৃতি
আৰু ভবিষ্যতৰ চিন্তা,
হেই চিন্তাই মোক
খাইচে  খুলি খুলি।
কি কৰো মই  এতিয়া !
নে দুচকুত অশ্ৰু লৈ
থাকিম জিয়াই
সুন্দৰ ভবিষ্যতৰ অপেক্ষাত ।


Tuesday, September 11, 2018

অৱহেলা

অৱহেলা
✍ ধনটি নেওগ

সপোন সদায় সপোন হৈ ৰয়
আশা সদায় আশা হৈ ৰয় ।
আপোন বুলি ভাবিলে
সদায় অচিনাকি জনো আপোন হয়
পৰ বুলি ভাবিলে
আপোনজনো পৰ হয়।
আপোনজন হেৰুৱালেহে
বুজি পোৱা যাই
অনুভৱ কৰিলেহে
বুুজিৱা যে
আপোন বুলি ভাবিবলৈও
এখন সুন্দৰ হৃদয়
লাগে বুলি।
নিজৰ অৱহেলাৰ
বাবে কোনোবাই
বুজিব জানো
কি হেৰুৱাব
লগা হ'ল।

Saturday, September 1, 2018

জীৱনৰজা

জীৱনৰজা
       ✍ শুভ অসম

জীৱনটো যে আৰু জীৱন্ত কথাছবি
পৰিচালনাত
এই নিচলা নিলাম কবি ।

য'ত সদায় সুখী থকাৰ অভিনয় চলে
তাতেই গোপনীয় এখন নদী বৈ থাকে ।

দুখৰ চকুপানীৰে . . .

চুটিকৈ জীৱনটো দেখোন আধা বাট
খালী জেপে
খালী পেটেৰে গ'ল ।

যিখন নদীত মই নাৱৰীয়া আছিলোঁ
সুখৰ ঘাটটো পোৱা নগল  ।।

Monday, August 13, 2018

তাতোতকৈ চাগৈ আৰু দুখ একোৱেই নাই

তাতোতকৈ চাগৈ আৰু দুখ একোৱেই নাই

শুভ অসম


সিদিনা খন তিনি আলি সমনীয়া সৈতে আদ্দাত , 

গাঁওখনৰ আটাইতকৈ ধুনীয়াকৈ ছোৱালীজনীয়ে 

বহুতৰ মাজত মোক 

লাজুকি নয়নে কেৰাহিকে চাওঁতে 

মোৰ বুকুত ধৱ-ধ্বনি 

আৰু উশাহ-নিশাহ মেলি-খেলি হৈছিল ।

 ঠাইতে যেন হৃদয়ৰ মৰম

 ক্ৰমান্বয়ে গাঢ় হৈ 

প্ৰেমত পৰিণত হৈ জাগ্ৰত হৈছিল ।

তেতিয়াই হয়তো

 অপৰাধী হ'লো মই , . . . 

জানোচা আৰু মুক্তিয়ে নাই ।

 আস্ বুকুত কি যন্ত্ৰণা চলিছে ।

আজিলৈকে কঢ়িয়াই লৈ ফুৰিছোঁ

 সেই অলপিয়া অপৰাধবোৰ ,

 এটা কিবা ভাল-লগা নলগা ধৰণৰ 

নিষ্প্ৰাভ-জঠৰ অনুভূতিয়ে 

বুকুখনত ঘৰ বান্ধিলে ।

মই বাৰু কেনেকৈ কওঁ

 তাইক মনৰ কথা । 

বুকুত বাস লৈ 

আমনি কৰি থকা 

ভালপোৱা কথা ।।

শুভ অসম

প্ৰেম আৱেগৰ আকুলতা

প্ৰেম আৱেগৰ আকুলতা

:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::


পল - অনুপলকৈ গৈ
 মাহ বাগৰি বছৰ পালেহি । 
এইটো বছৰোঁ তোমাক
 মনৰ কথা কোৱাই নহল ।
 তোমাক বাটে - ঘাটে
 দেখা পোৱা স্মৃতিৰ কিছু মিঠা আকুলতা
 দুদিন পাছত পুৰণি বছৰৰ 
কিছু ৰঙীন মাদকতা হৈ ৰ'ব ।

 ভালেই হ'ব দিয়া 
 সোঁৱৰণিৰ এলবামত 
ঠাক ঠাক হৈ ৰোৱা
 স্মৃতি বোৰ সোঁৱৰাই উচুপি কান্দিম ।
 এটা কথা কি জানা সোণ
 ভগৱানে যি কৰে
 সদায়ে ভালৰ বাবেই কৰে ।
আগন্তুক নতুন বছৰ ,
 কিছুমানে আকৌ বেৰত ওলমি থকা 
২০১৭ চনৰ কেলেণ্ডাৰ নমাই
 ২০১৮ চনৰ কেলেণ্ডাৰ আঁৰিছে ।
 কিছুমানে নতুনকৈ ডায়েৰী কিনি আনিছে ।
 কিছুমান বন্ধুৱে ম'বাইলত
 পুৰণা গীত ডিলিট কৰি
 নতুনকৈ গীত ভৰাইছে ।
 কিন্তু তুমি নাভাবিমা
 সোণ তোমাক মই পাহৰি যাম । 
মই আগৰ দৰেই তোমাক
 ভাল পাই থাকিম ।
 মৰম যাচিঁম ।
 তোমাক প্ৰতি দিনে হেৰুৱাই
 মৰিচিকাৰ দৰে বিচাৰি ফুৰিম
কোনোবা ৰঙীন ঠিকনাত ।

:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::

মোৰ জীৱন

মোৰ জীৱন

:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::

মোৰ জীৱনটো
 বিধাতাই কেৱল এক দুখৰেই
 খনি কৰি স্ৰজিলে হয়তো ।
বুকুভেদি ওলোৱা হুমুনিয়াহবোৰ
 কি তোমাৰ ইমানেই প্ৰিয় ।
 মই যে তোমাক পাহৰি
 এখন্তেকো জীয়াই থাকিব নোৱাৰিম ।
মোৰ সৰ্বস্ব কাহানিবাই
 মই তোমাক তোমাক সপি দিলোঁ ।
 মোৰ বুকুৰ মাজত
 তেজেৰে লেটি পেটি হৈ
এখন ছবি সোমাই আছে -
 যিখন ছবি তোমাৰ হয় ।
 তোমাক আপোন কৰি দিবলৈ
 অহৰ্নিশে বৰ মাগি পূজা কৰা
 ভগৱানৰ ওপৰতো মোৰ বিশ্বাস হেৰাই গৈছে ।
 তুমি যে এদিন আনৰ হ'বা -
এই বুলি ভাবিলে মো গা শিয়ঁৰি উঠে অ ।

:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::

পাগল প্ৰেমিক


পাগল প্ৰেমিক ( one sided love ) 

:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::

এদিনা তুমি আনৰ হ'বা বুলি জানিও মই সদায় তোমাৰ বাবেই ৰৈ থাকো আৰূ চিৰদিন ৰৈয়ে থাকিম ।

:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::

মোৰ মৃত্যুৰ খবৰ পালানে প্ৰিয়া

মোৰ মৃত্যুৰ খবৰ পালানে প্ৰিয়া

:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::


বিশাল আকাশ খন সিপাৰে
অন্য এখন দেশ ,
মই তাৰেই এটি নিশ্চুপ উজ্জ্বল তৰা ।
নিশা হলে আঙুলিয়াই চাবা
দেখুৱাই দিবা
মোক ভালপোৱা জনক ,
সিদিনা বেছিকৈয়ে জিলিকিম দিয়া জোনটিৰ কাষত ।।


:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::

মৰম



মৰম


:::::::::::::::::::শুভ অসম
ফাগুনৰ কাঁচিয়লি ৰ‍'দত
ৰ'দাই ল বুকু ,
যদিওৱা লঠঙা গছৰ ছাঁতে শুকাই
বুকুৰ কেঁচা মৰম ।
ফাগুনৰ সুগন্ধ বিচাৰি নুফুৰিবা
আহি মোৰ বুকুতে জিৰণি ল ,
যদিওৱা বুকুৰ উদং বালিচত নুফুলে
পলাশ শিমলুৰ ৰং ।।

:::::::::::::::::::শুভ অসম:::::::::::::::::::::

গাঁৱৰ এমুঠি জীয়া অনুভব

গাঁৱৰ এমুঠি জীয়া অনুভব

:::::::::::::::::::শুভ অসম

(কোনো দিনে বোলে গাঁৱত সোমাই নোপোৱাকৈ থকা সিদিনা চহৰীয়া ছোৱালীজনীয়ে সুধিলে মোক - ' ঐ গাঁৱলীয়া লৰা , বৰ্তমান গাঁৱৰ অনুভৰ পৰিৱেশ কেনেকুৱা চলিছে ? ' মই চকুলৈ চাই একোৱেই নোকোৱাকৈ আঁতৰিছিলো ।)তুমি আহিবা গাঁৱলৈ জোনাক-নিশা গছ-গছনি আঁৰেদি বাট মেলা জোনটিক চিনাকি কৰাই দিম ।হাড়ক মাটি কৰি
তেজক পানী কৰি দুবেলা দুমুঠি খাই জী থকা
সহজ-সৰল হোজা মানুহবোৰৰ ঘৰলৈ লৈ যাম ।
সন্ধ্যা বেলাত ভাঁহি অহা কণ কণ ল'ৰা ছোৱালী বোৰৰ অবিমিশ্ৰিত কল্‌কলনি ,
জুপুৰিৰ নমচা বাঁহৰ বেৰৰ জলঙাইদি চাকিৰ পোহৰৰ জিলিঙনি ,
অবিৰতভাবে চলি থকা ঢেঁকীৰ মাত ,
তুমি আহিবা চকুৰ পচাৰতে দেখা পাবা ।
গধূলি নিৰ্জন নৈ পাৰ লৈ যাম
বুকু কঁপি উঠা হৃদয় বিদায়ক দৃশ্য
গৰা খহনীয়া দেখুওৱাম ,
বেলি লহিওয়া - বহুতৰ জীৱনৰ বেলিত
বানে জুৰুলা কৰা খেতিয়কৰ শুকান মুখ দেখুৱাম ।
গুৰুম গুৰুম বন্দুকৰ শব্দ ,
ৰাস্তাত দোঙা বান্ধি পৰি ৰঙা তেজৰ কেচেমা-কেচেম গোন্ধ ,
ক'ত শ্বহীদৰ বিস্তৃতভাবে জ্বলি কেঁচা মঙহৰ ছাই মৰি শালিবোৰ . . .
শুদা-শুদা , উদং-উদং আইৰ বুকু
বেদনা গধুৰ বুকুখন ,
বহু বছৰীয়া অপেক্ষাত পদূলি লৈ চাই
নঙলা-জপনা শব্দ শুনিলেই মাজ নিশা পদুলিত ওলাই একমাত্ৰ সন্তানক দেখা নাপায় ফেঁকুৰি কান্দি উঠা বহুতৰ মাতৃৰ জীয়া ছবি দেখুৱাম ।
মাথো এদিন তুমি আহিবা ।।



:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::

মোৰ জীৱন

মোৰ জীৱন 


 :::::: ধনটি নেওগ

জীৱন নদীত

উটি ভাহি ফুৰিচো

এটুকুৰা শুকানকাঠৰ দৰে।

লগতে কঢ়িয়াইছো

দুখ দুৰ্দষা যন্ত্ৰনা আদি।

লগতে সহ্য কৰিচো

কত অপমান,

 কত কটু কথা

তথাপি জীয়াই আছো

জীয়াই থকাৰ আশাৰে

উজ্জ্বল ভবিষ্যতৰ আশাৰে

সংস্হাপন হোৱাৰ আশাৰে।

সপোনক বাস্তব কৰাৰ আশাৰে।

সকলোৱে সুখে শান্তিৰে

মিলা-প্ৰীতিৰে জীয়াই থকাৰ আশাৰে::::::::::

আছো জীয়াই,,,,,,,,,,,,,,,

থাকিম জীয়াই

জীয়াই নাথাকিলেও

আশা হৈ থাকিম জীয়াই

এই পৃথিৱীত

নহলে

সকলোৰে মনত।



 :::::: ধনটি নেওগ

আবৰন

আবৰন

 :::::: ধনটি নেওগ

আহা আমি,
আন্ধাৰৰ আবৰন ফালি,

পোহৰ বিচাৰি যাওঁ।
হত্যা,হিংসা,ভ্ৰষ্টাচাৰৰ
শিপা উভালি পেলাওঁ।
আহা আমি,
সংসাৰৰ আৱৰ্জনা ৰূপী,
হিংসা-হত্যা আদি,
ব্যাধিবোৰক সমূলি
ত্যাগ দি,
দিও আহা নিজকে
ভদ্ৰ বুলি চিনাকি।
ভদ্ৰলোকৰ মুখা পিন্ধা
দালালবোৰৰ সমাজৰ,
পৰা কৰো আহা
নিজকে বহিষ্কাৰ।
আহা আমি,
হত্যা-লুণ্ঠন,ব্যাভিচাৰ,
বিয়পোৱা সকলক,
কৰো আহা আমাৰ 
সমাজৰ পৰা বহিষ্কাৰ।
আহা আমি,
সকলোৱে মিলি,
ঘূৰাই আনো সমাজলৈ
শান্তি-সম্প্ৰীতি আৰু মিলা প্ৰীতি।

::::;; ধনটি নেওগ

Saturday, August 11, 2018

দুনাই প্ৰেমত পৰিব নুখুজো

দুনাই প্ৰেমত পৰিব নুখুজো

       শুভ অসম

প্ৰতিদিনে
মোৰ ভগ্ন হৃদয়ত ন ন ছবি একোখন
কোনেনো গোপনে আঁকি যায় ।
নিশ্বাসৰ দৰে নিঃশব্দে তাই যেন মোক বিচাৰি ফুৰে ,
পল-অনুপল
কিজানিবা তাই মোৰ প্ৰেমত পৰিছে ‌।
মই জানোঁ
প্ৰেম মানেইতো হিয়াৰ এপাহি সুগন্ধি ফুল ,
ভয় লাগে
যদি আকৌ আস্থা বিশ্বাসৰ প্ৰাচীৰ
মোৰ হৃদয়ত মৰহি যায় ।।

Friday, August 10, 2018

মা

মাঁ
তোমাৰ বুকুৰ সেউজীয়া
অৰণ্য খন শেষ হৈ
ধূলিময় মৰুভূমি হবলৈ
বেছি পৰ নাই ।

আমি মানুহ অধিক জ্ঞানী হলো,
আধুনিকতা সাবটি অবুজ হৈ
তোমাক নাঙঠ কৰিলোঁ ।

মাঁ
তোমাৰ কলিজাৰ কেঁচা তেজ
অইল নামৰ কোম্পানীয়ে উলিয়াই
তোমাৰ বুকুতে সৰু-ডাঙৰ
আলি বনাই
গধুৰ যান-বাহন দৌৰাইছো ।
ডাৱৰৰ সতে কথা পাতিব পৰাকৈ
ওখ ঘৰ বনালো ।
অন্যান্য উদ্যোগৰ পৰা নিতৌ
ধোঁৱা উলিয়াই এৰিছো ।

মাঁ
তোমাৰ উশাহ লবলৈ বৰ
কষ্ট হয় চাগে
আৰু
হয়তো তোমাৰ
কোমল বুকুখনো বিষায় ।

উন্নয়নৰ নামত অন্যায় কৰিছোঁ,
আধুনিক হৈ
অত্যাচাৰ কৰিছোঁ ।

মাঁঁ
তুমি সহ্য কৰিবই লাগিব,
অন্য নহয়
এয়া পৰিবৰ্তন ।
বিশাল আকাশৰ তলত
উদং হৈ ৰৈছা,
...আমাৰ বাবে ।।

-শুভ অসম

Tuesday, July 31, 2018

মোৰ ঠিকনা নুসুধিবি অ ককাই

মোৰ ঠিকনা নুসুধিবি অ ককাই
                        :::::::::::::::::::::শুভ অসম
নিজৰ ঠিকনা যেতিয়া দিবই নোৱাৰিলোঁ
নিজেই বুজি ল' অ ককাই
নদীৰ বুকুত হেৰোৱা সেই গাঁও খনৰে লৰা মই ‌।
ফুটপাথত পৰি থকা দেখা পায়
কেতিয়াও নাভাবিবি মোৰ যে ঘৰ বাৰী নাই ,
আজিও জীয়াই আছে
এমুঠিমান স্মৃতি হৈ
মোৰ আপোন গাঁও খন ,
মোৰ হেঁপাহৰ ঘৰ খন ,
দুৱৰী বনে ভৰা চোতালখন আৰু চোতালৰ মাজত থকা শেৱালি জোপা ,
লৰালি সমনীয়া সৈতে ৰঙা-নীলা চিলা উৰুৱাই দৌৰি ফুৰা সেউজীয়া পথাৰ খন ,
সৰুতে চাইকেল শিকা কেঁচা আলি-বাট ,
স্কুল কেইখনত , গাঁৱৰ চুবুৰীয়া আৰু . . .
আৰু . . . ।
লেতেৰা কাপোৰেৰে দেখা পায়
ককাই অ , মোক নুসুধিবি তোৰ ঘৰ ক'ত বুলি !
বৰ মনত পৰে অ হেৰুৱা হেঁপাহৰ ঘৰ খনলৈ
নদীৰ বুকুত বিলীন হোৱা আপোন গাঁৱলৈ ।
এদিন ওভতি যায়
কৰবাত হেৰাই যোৱা মানুহো
ওভতি যায় ভাগৰুৱা অস্ৰধাৰী দেশপ্ৰেমিক ,
মোৰো গাঁৱলৈ ওভতি যাব মন
ফুটপাথত জীৱন কটাব কাৰ নো মন ।
মোক ঘৰৰ ঠিকনা নুসুধিবি অ ককাই
মোৰ গাঁৱৰ ঘৰলৈ বৰ মনত পৰে অ ।।

Tuesday, June 19, 2018

সপোন

কিযে সুন্দৰ মোৰ
    সপোনৰ পৃথিৱী,
মই যে তাত ঘূৰি-ফুৰি
    খাঁও হাবাথুৰি।
মোৰ এই সপোন
     অলিক কল্পনাৰ দৰে,
মই এই সপোন ৰঁচো
       অশেষ প্ৰেৰণাৰে।
মোৰ এই সপোন
       বহুত বিশাল,
এই সপোন যদি হয় বাস্তৱত পৰিণত
     হ'ম মই জীপাল।
যেনেকৈ এজোপা মৰহি যোৱা
       ফুলগছত পানী দিলে,
ফুলপাহ হয় ধুনীয়া।
তেনেকৈ মোৰ মনৰ সপোনটিক
    ৰহন সানিবলৈ ,
মোৰ মনটি বলিয়া ।
::::::::::::::::বিক্ৰম দত্ত:::::::::::::::

বিজ্ঞানৰ গৰাকী

বিজ্ঞান,বিজ্ঞান হৈচে
       নতুন প্ৰযুক্তি,
বিজ্ঞানন দ্বাৰাই প্ৰকাশ হয়
        নতুন নতুন শক্তি।
২৮ ফেব্ৰুৱাৰীত পাতে বিদ্যালয়ত
      বিজ্ঞান দিৱস,
তাতে সকলোৱে স্মৰণ কৰে
     চাৰ চি.ভি. ৰমণক ।
চাৰ চি.ভি.ৰমণ আছিল এজন
      পদাৰ্থ বিজ্ঞানী,
তেঁও কৈছিল যে
"সুৰৰো আছে তৰংগধ্বনি"।
বিজ্ঞান মই বৰ ভাল পাঁও,
  বিজ্ঞানৰ নানা আৱিস্কাৰ দেখিলে,
     মই আৰু ওচৰ চাপি যাঁও।
:::::::::::::::::::বিক্ৰম দত্ত::::::::::::::::::::

মোৰ মন যায়

মোৰ মন যায়
       বেলি হ'বলৈ,
পৃথিৱীক নিতৌ
       পোহৰ দিবলৈ।
মোৰ মন যায়
      তৰা হ'বলৈ,
ৰাতিৰ আকাশত
     জিক-মিক কৰি থাকিবলৈ।
মোৰ মন যায়
      গছ হ'বলৈ,
মানুহক ফল-ফুল,বতাহ
        আদি দিবলৈ।
মোৰ মন যায়
        সেনা হ'বলৈ,
মোৰ মাতৃভূমিক শত্ৰুৰ পৰা
       ৰক্ষা কৰিবলৈ।
নাজানো মই পাৰিম নে নাই
   ইমানবোৰ হ'বলৈ,
তথাপিও চেষ্টা মই বৰ্তাই ৰাখিম
    অনন্ত কাললৈ।
:::::::::::::::::::: বিক্ৰম দত্ত:::::::::::::::::

Sunday, June 17, 2018

বৰষুণ



বৰষুণ ::::::


কবি ::: বিক্ৰম দত্ত
চি্প চি্প চি্প
বৰষুণ সৰে
মাজে মাজে বিজুলিবোৰে
ভূমুকিহে মাৰে।
গগনফলা গাজনিলৈ মোৰ
বৰ ভয় লাগে ;
ভয়তে মোক ভাইটিয়ে
সাৱতিহে ধৰে।
বৰষুণ দিলে আমাৰ
ৰাস্তা পিচল হয়;
স্কুললৈ আঁহোতে ধপচ ধপচ
পৰিব লগা হয়।
এদিন দিলে শিল বৰষুণ
লগতে পৰিল ব্জ্ৰপাত;
তেতিয়া বানপানী হ’ল
আমাৰ ৰাস্তাত ।
খাল-বিল, জান-জুৰি
গ’ল উপচি ;
বজ্ৰপাত পৰাৰ বাবে
মানুহো গ’ল মৰি ।
সেইবাবে বৰষুণ মই
মাগিচোঁ সেৱা
বজ্ৰপাতৰ প্ৰভাৱৰ পৰা
মানুহক যেন ৰক্ষা কৰা ।
____________বিক্ৰম দত্ত_____________

********************************************************************************************************************************************* বিক্ৰম দত্ত
খঁৰাগড়,শিৱসাগৰ

Confusion Love

Confusion love……

                         Dhanti Neog

Confusion confusion

It’s confusion

To say that I

Fall in with you.

But how can I

Say you

That I fall in you.

In the first sight.

How to say you

That I fall in you.

Oh my dear

How can I express

My love to you.

Oh my love

How can I

Say that I love you.

How to say you

That I love you .

How to say

I love you dear.

How to say dear

I love you

When we met.

Oh my love

What you think

When I fall in with you.

How feels you

Dear when I give you a proposal !!