Monday, August 13, 2018

প্ৰেম আৱেগৰ আকুলতা

প্ৰেম আৱেগৰ আকুলতা

:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::


পল - অনুপলকৈ গৈ
 মাহ বাগৰি বছৰ পালেহি । 
এইটো বছৰোঁ তোমাক
 মনৰ কথা কোৱাই নহল ।
 তোমাক বাটে - ঘাটে
 দেখা পোৱা স্মৃতিৰ কিছু মিঠা আকুলতা
 দুদিন পাছত পুৰণি বছৰৰ 
কিছু ৰঙীন মাদকতা হৈ ৰ'ব ।

 ভালেই হ'ব দিয়া 
 সোঁৱৰণিৰ এলবামত 
ঠাক ঠাক হৈ ৰোৱা
 স্মৃতি বোৰ সোঁৱৰাই উচুপি কান্দিম ।
 এটা কথা কি জানা সোণ
 ভগৱানে যি কৰে
 সদায়ে ভালৰ বাবেই কৰে ।
আগন্তুক নতুন বছৰ ,
 কিছুমানে আকৌ বেৰত ওলমি থকা 
২০১৭ চনৰ কেলেণ্ডাৰ নমাই
 ২০১৮ চনৰ কেলেণ্ডাৰ আঁৰিছে ।
 কিছুমানে নতুনকৈ ডায়েৰী কিনি আনিছে ।
 কিছুমান বন্ধুৱে ম'বাইলত
 পুৰণা গীত ডিলিট কৰি
 নতুনকৈ গীত ভৰাইছে ।
 কিন্তু তুমি নাভাবিমা
 সোণ তোমাক মই পাহৰি যাম । 
মই আগৰ দৰেই তোমাক
 ভাল পাই থাকিম ।
 মৰম যাচিঁম ।
 তোমাক প্ৰতি দিনে হেৰুৱাই
 মৰিচিকাৰ দৰে বিচাৰি ফুৰিম
কোনোবা ৰঙীন ঠিকনাত ।

:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::

No comments:

Post a Comment