Monday, August 13, 2018

আবৰন

আবৰন

 :::::: ধনটি নেওগ

আহা আমি,
আন্ধাৰৰ আবৰন ফালি,

পোহৰ বিচাৰি যাওঁ।
হত্যা,হিংসা,ভ্ৰষ্টাচাৰৰ
শিপা উভালি পেলাওঁ।
আহা আমি,
সংসাৰৰ আৱৰ্জনা ৰূপী,
হিংসা-হত্যা আদি,
ব্যাধিবোৰক সমূলি
ত্যাগ দি,
দিও আহা নিজকে
ভদ্ৰ বুলি চিনাকি।
ভদ্ৰলোকৰ মুখা পিন্ধা
দালালবোৰৰ সমাজৰ,
পৰা কৰো আহা
নিজকে বহিষ্কাৰ।
আহা আমি,
হত্যা-লুণ্ঠন,ব্যাভিচাৰ,
বিয়পোৱা সকলক,
কৰো আহা আমাৰ 
সমাজৰ পৰা বহিষ্কাৰ।
আহা আমি,
সকলোৱে মিলি,
ঘূৰাই আনো সমাজলৈ
শান্তি-সম্প্ৰীতি আৰু মিলা প্ৰীতি।

::::;; ধনটি নেওগ

No comments:

Post a Comment