Monday, August 13, 2018

তাতোতকৈ চাগৈ আৰু দুখ একোৱেই নাই

তাতোতকৈ চাগৈ আৰু দুখ একোৱেই নাই

শুভ অসম


সিদিনা খন তিনি আলি সমনীয়া সৈতে আদ্দাত , 

গাঁওখনৰ আটাইতকৈ ধুনীয়াকৈ ছোৱালীজনীয়ে 

বহুতৰ মাজত মোক 

লাজুকি নয়নে কেৰাহিকে চাওঁতে 

মোৰ বুকুত ধৱ-ধ্বনি 

আৰু উশাহ-নিশাহ মেলি-খেলি হৈছিল ।

 ঠাইতে যেন হৃদয়ৰ মৰম

 ক্ৰমান্বয়ে গাঢ় হৈ 

প্ৰেমত পৰিণত হৈ জাগ্ৰত হৈছিল ।

তেতিয়াই হয়তো

 অপৰাধী হ'লো মই , . . . 

জানোচা আৰু মুক্তিয়ে নাই ।

 আস্ বুকুত কি যন্ত্ৰণা চলিছে ।

আজিলৈকে কঢ়িয়াই লৈ ফুৰিছোঁ

 সেই অলপিয়া অপৰাধবোৰ ,

 এটা কিবা ভাল-লগা নলগা ধৰণৰ 

নিষ্প্ৰাভ-জঠৰ অনুভূতিয়ে 

বুকুখনত ঘৰ বান্ধিলে ।

মই বাৰু কেনেকৈ কওঁ

 তাইক মনৰ কথা । 

বুকুত বাস লৈ 

আমনি কৰি থকা 

ভালপোৱা কথা ।।

শুভ অসম

No comments:

Post a Comment