Saturday, August 11, 2018

দুনাই প্ৰেমত পৰিব নুখুজো

দুনাই প্ৰেমত পৰিব নুখুজো

       শুভ অসম

প্ৰতিদিনে
মোৰ ভগ্ন হৃদয়ত ন ন ছবি একোখন
কোনেনো গোপনে আঁকি যায় ।
নিশ্বাসৰ দৰে নিঃশব্দে তাই যেন মোক বিচাৰি ফুৰে ,
পল-অনুপল
কিজানিবা তাই মোৰ প্ৰেমত পৰিছে ‌।
মই জানোঁ
প্ৰেম মানেইতো হিয়াৰ এপাহি সুগন্ধি ফুল ,
ভয় লাগে
যদি আকৌ আস্থা বিশ্বাসৰ প্ৰাচীৰ
মোৰ হৃদয়ত মৰহি যায় ।।

No comments:

Post a Comment