মাঁ
তোমাৰ বুকুৰ সেউজীয়া
অৰণ্য খন শেষ হৈ
ধূলিময় মৰুভূমি হবলৈ
বেছি পৰ নাই ।
আমি মানুহ অধিক জ্ঞানী হলো,
আধুনিকতা সাবটি অবুজ হৈ
তোমাক নাঙঠ কৰিলোঁ ।
মাঁ
তোমাৰ কলিজাৰ কেঁচা তেজ
অইল নামৰ কোম্পানীয়ে উলিয়াই
তোমাৰ বুকুতে সৰু-ডাঙৰ
আলি বনাই
গধুৰ যান-বাহন দৌৰাইছো ।
ডাৱৰৰ সতে কথা পাতিব পৰাকৈ
ওখ ঘৰ বনালো ।
অন্যান্য উদ্যোগৰ পৰা নিতৌ
ধোঁৱা উলিয়াই এৰিছো ।
মাঁ
তোমাৰ উশাহ লবলৈ বৰ
কষ্ট হয় চাগে
আৰু
হয়তো তোমাৰ
কোমল বুকুখনো বিষায় ।
উন্নয়নৰ নামত অন্যায় কৰিছোঁ,
আধুনিক হৈ
অত্যাচাৰ কৰিছোঁ ।
মাঁঁ
তুমি সহ্য কৰিবই লাগিব,
অন্য নহয়
এয়া পৰিবৰ্তন ।
বিশাল আকাশৰ তলত
উদং হৈ ৰৈছা,
...আমাৰ বাবে ।।
-শুভ অসম
No comments:
Post a Comment