Monday, August 13, 2018

গাঁৱৰ এমুঠি জীয়া অনুভব

গাঁৱৰ এমুঠি জীয়া অনুভব

:::::::::::::::::::শুভ অসম

(কোনো দিনে বোলে গাঁৱত সোমাই নোপোৱাকৈ থকা সিদিনা চহৰীয়া ছোৱালীজনীয়ে সুধিলে মোক - ' ঐ গাঁৱলীয়া লৰা , বৰ্তমান গাঁৱৰ অনুভৰ পৰিৱেশ কেনেকুৱা চলিছে ? ' মই চকুলৈ চাই একোৱেই নোকোৱাকৈ আঁতৰিছিলো ।)তুমি আহিবা গাঁৱলৈ জোনাক-নিশা গছ-গছনি আঁৰেদি বাট মেলা জোনটিক চিনাকি কৰাই দিম ।হাড়ক মাটি কৰি
তেজক পানী কৰি দুবেলা দুমুঠি খাই জী থকা
সহজ-সৰল হোজা মানুহবোৰৰ ঘৰলৈ লৈ যাম ।
সন্ধ্যা বেলাত ভাঁহি অহা কণ কণ ল'ৰা ছোৱালী বোৰৰ অবিমিশ্ৰিত কল্‌কলনি ,
জুপুৰিৰ নমচা বাঁহৰ বেৰৰ জলঙাইদি চাকিৰ পোহৰৰ জিলিঙনি ,
অবিৰতভাবে চলি থকা ঢেঁকীৰ মাত ,
তুমি আহিবা চকুৰ পচাৰতে দেখা পাবা ।
গধূলি নিৰ্জন নৈ পাৰ লৈ যাম
বুকু কঁপি উঠা হৃদয় বিদায়ক দৃশ্য
গৰা খহনীয়া দেখুওৱাম ,
বেলি লহিওয়া - বহুতৰ জীৱনৰ বেলিত
বানে জুৰুলা কৰা খেতিয়কৰ শুকান মুখ দেখুৱাম ।
গুৰুম গুৰুম বন্দুকৰ শব্দ ,
ৰাস্তাত দোঙা বান্ধি পৰি ৰঙা তেজৰ কেচেমা-কেচেম গোন্ধ ,
ক'ত শ্বহীদৰ বিস্তৃতভাবে জ্বলি কেঁচা মঙহৰ ছাই মৰি শালিবোৰ . . .
শুদা-শুদা , উদং-উদং আইৰ বুকু
বেদনা গধুৰ বুকুখন ,
বহু বছৰীয়া অপেক্ষাত পদূলি লৈ চাই
নঙলা-জপনা শব্দ শুনিলেই মাজ নিশা পদুলিত ওলাই একমাত্ৰ সন্তানক দেখা নাপায় ফেঁকুৰি কান্দি উঠা বহুতৰ মাতৃৰ জীয়া ছবি দেখুৱাম ।
মাথো এদিন তুমি আহিবা ।।



:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::

No comments:

Post a Comment