Tuesday, July 31, 2018

মোৰ ঠিকনা নুসুধিবি অ ককাই

মোৰ ঠিকনা নুসুধিবি অ ককাই
                        :::::::::::::::::::::শুভ অসম
নিজৰ ঠিকনা যেতিয়া দিবই নোৱাৰিলোঁ
নিজেই বুজি ল' অ ককাই
নদীৰ বুকুত হেৰোৱা সেই গাঁও খনৰে লৰা মই ‌।
ফুটপাথত পৰি থকা দেখা পায়
কেতিয়াও নাভাবিবি মোৰ যে ঘৰ বাৰী নাই ,
আজিও জীয়াই আছে
এমুঠিমান স্মৃতি হৈ
মোৰ আপোন গাঁও খন ,
মোৰ হেঁপাহৰ ঘৰ খন ,
দুৱৰী বনে ভৰা চোতালখন আৰু চোতালৰ মাজত থকা শেৱালি জোপা ,
লৰালি সমনীয়া সৈতে ৰঙা-নীলা চিলা উৰুৱাই দৌৰি ফুৰা সেউজীয়া পথাৰ খন ,
সৰুতে চাইকেল শিকা কেঁচা আলি-বাট ,
স্কুল কেইখনত , গাঁৱৰ চুবুৰীয়া আৰু . . .
আৰু . . . ।
লেতেৰা কাপোৰেৰে দেখা পায়
ককাই অ , মোক নুসুধিবি তোৰ ঘৰ ক'ত বুলি !
বৰ মনত পৰে অ হেৰুৱা হেঁপাহৰ ঘৰ খনলৈ
নদীৰ বুকুত বিলীন হোৱা আপোন গাঁৱলৈ ।
এদিন ওভতি যায়
কৰবাত হেৰাই যোৱা মানুহো
ওভতি যায় ভাগৰুৱা অস্ৰধাৰী দেশপ্ৰেমিক ,
মোৰো গাঁৱলৈ ওভতি যাব মন
ফুটপাথত জীৱন কটাব কাৰ নো মন ।
মোক ঘৰৰ ঠিকনা নুসুধিবি অ ককাই
মোৰ গাঁৱৰ ঘৰলৈ বৰ মনত পৰে অ ।।

Tuesday, June 19, 2018

সপোন

কিযে সুন্দৰ মোৰ
    সপোনৰ পৃথিৱী,
মই যে তাত ঘূৰি-ফুৰি
    খাঁও হাবাথুৰি।
মোৰ এই সপোন
     অলিক কল্পনাৰ দৰে,
মই এই সপোন ৰঁচো
       অশেষ প্ৰেৰণাৰে।
মোৰ এই সপোন
       বহুত বিশাল,
এই সপোন যদি হয় বাস্তৱত পৰিণত
     হ'ম মই জীপাল।
যেনেকৈ এজোপা মৰহি যোৱা
       ফুলগছত পানী দিলে,
ফুলপাহ হয় ধুনীয়া।
তেনেকৈ মোৰ মনৰ সপোনটিক
    ৰহন সানিবলৈ ,
মোৰ মনটি বলিয়া ।
::::::::::::::::বিক্ৰম দত্ত:::::::::::::::

বিজ্ঞানৰ গৰাকী

বিজ্ঞান,বিজ্ঞান হৈচে
       নতুন প্ৰযুক্তি,
বিজ্ঞানন দ্বাৰাই প্ৰকাশ হয়
        নতুন নতুন শক্তি।
২৮ ফেব্ৰুৱাৰীত পাতে বিদ্যালয়ত
      বিজ্ঞান দিৱস,
তাতে সকলোৱে স্মৰণ কৰে
     চাৰ চি.ভি. ৰমণক ।
চাৰ চি.ভি.ৰমণ আছিল এজন
      পদাৰ্থ বিজ্ঞানী,
তেঁও কৈছিল যে
"সুৰৰো আছে তৰংগধ্বনি"।
বিজ্ঞান মই বৰ ভাল পাঁও,
  বিজ্ঞানৰ নানা আৱিস্কাৰ দেখিলে,
     মই আৰু ওচৰ চাপি যাঁও।
:::::::::::::::::::বিক্ৰম দত্ত::::::::::::::::::::

মোৰ মন যায়

মোৰ মন যায়
       বেলি হ'বলৈ,
পৃথিৱীক নিতৌ
       পোহৰ দিবলৈ।
মোৰ মন যায়
      তৰা হ'বলৈ,
ৰাতিৰ আকাশত
     জিক-মিক কৰি থাকিবলৈ।
মোৰ মন যায়
      গছ হ'বলৈ,
মানুহক ফল-ফুল,বতাহ
        আদি দিবলৈ।
মোৰ মন যায়
        সেনা হ'বলৈ,
মোৰ মাতৃভূমিক শত্ৰুৰ পৰা
       ৰক্ষা কৰিবলৈ।
নাজানো মই পাৰিম নে নাই
   ইমানবোৰ হ'বলৈ,
তথাপিও চেষ্টা মই বৰ্তাই ৰাখিম
    অনন্ত কাললৈ।
:::::::::::::::::::: বিক্ৰম দত্ত:::::::::::::::::

Sunday, June 17, 2018

বৰষুণ



বৰষুণ ::::::


কবি ::: বিক্ৰম দত্ত
চি্প চি্প চি্প
বৰষুণ সৰে
মাজে মাজে বিজুলিবোৰে
ভূমুকিহে মাৰে।
গগনফলা গাজনিলৈ মোৰ
বৰ ভয় লাগে ;
ভয়তে মোক ভাইটিয়ে
সাৱতিহে ধৰে।
বৰষুণ দিলে আমাৰ
ৰাস্তা পিচল হয়;
স্কুললৈ আঁহোতে ধপচ ধপচ
পৰিব লগা হয়।
এদিন দিলে শিল বৰষুণ
লগতে পৰিল ব্জ্ৰপাত;
তেতিয়া বানপানী হ’ল
আমাৰ ৰাস্তাত ।
খাল-বিল, জান-জুৰি
গ’ল উপচি ;
বজ্ৰপাত পৰাৰ বাবে
মানুহো গ’ল মৰি ।
সেইবাবে বৰষুণ মই
মাগিচোঁ সেৱা
বজ্ৰপাতৰ প্ৰভাৱৰ পৰা
মানুহক যেন ৰক্ষা কৰা ।
____________বিক্ৰম দত্ত_____________

********************************************************************************************************************************************* বিক্ৰম দত্ত
খঁৰাগড়,শিৱসাগৰ