Monday, August 13, 2018

গাঁৱৰ এমুঠি জীয়া অনুভব

গাঁৱৰ এমুঠি জীয়া অনুভব

:::::::::::::::::::শুভ অসম

(কোনো দিনে বোলে গাঁৱত সোমাই নোপোৱাকৈ থকা সিদিনা চহৰীয়া ছোৱালীজনীয়ে সুধিলে মোক - ' ঐ গাঁৱলীয়া লৰা , বৰ্তমান গাঁৱৰ অনুভৰ পৰিৱেশ কেনেকুৱা চলিছে ? ' মই চকুলৈ চাই একোৱেই নোকোৱাকৈ আঁতৰিছিলো ।)তুমি আহিবা গাঁৱলৈ জোনাক-নিশা গছ-গছনি আঁৰেদি বাট মেলা জোনটিক চিনাকি কৰাই দিম ।হাড়ক মাটি কৰি
তেজক পানী কৰি দুবেলা দুমুঠি খাই জী থকা
সহজ-সৰল হোজা মানুহবোৰৰ ঘৰলৈ লৈ যাম ।
সন্ধ্যা বেলাত ভাঁহি অহা কণ কণ ল'ৰা ছোৱালী বোৰৰ অবিমিশ্ৰিত কল্‌কলনি ,
জুপুৰিৰ নমচা বাঁহৰ বেৰৰ জলঙাইদি চাকিৰ পোহৰৰ জিলিঙনি ,
অবিৰতভাবে চলি থকা ঢেঁকীৰ মাত ,
তুমি আহিবা চকুৰ পচাৰতে দেখা পাবা ।
গধূলি নিৰ্জন নৈ পাৰ লৈ যাম
বুকু কঁপি উঠা হৃদয় বিদায়ক দৃশ্য
গৰা খহনীয়া দেখুওৱাম ,
বেলি লহিওয়া - বহুতৰ জীৱনৰ বেলিত
বানে জুৰুলা কৰা খেতিয়কৰ শুকান মুখ দেখুৱাম ।
গুৰুম গুৰুম বন্দুকৰ শব্দ ,
ৰাস্তাত দোঙা বান্ধি পৰি ৰঙা তেজৰ কেচেমা-কেচেম গোন্ধ ,
ক'ত শ্বহীদৰ বিস্তৃতভাবে জ্বলি কেঁচা মঙহৰ ছাই মৰি শালিবোৰ . . .
শুদা-শুদা , উদং-উদং আইৰ বুকু
বেদনা গধুৰ বুকুখন ,
বহু বছৰীয়া অপেক্ষাত পদূলি লৈ চাই
নঙলা-জপনা শব্দ শুনিলেই মাজ নিশা পদুলিত ওলাই একমাত্ৰ সন্তানক দেখা নাপায় ফেঁকুৰি কান্দি উঠা বহুতৰ মাতৃৰ জীয়া ছবি দেখুৱাম ।
মাথো এদিন তুমি আহিবা ।।



:::::::::::::::::::::::::::::::শুভ অসম::::::::::::::::::::::::::

মোৰ জীৱন

মোৰ জীৱন 


 :::::: ধনটি নেওগ

জীৱন নদীত

উটি ভাহি ফুৰিচো

এটুকুৰা শুকানকাঠৰ দৰে।

লগতে কঢ়িয়াইছো

দুখ দুৰ্দষা যন্ত্ৰনা আদি।

লগতে সহ্য কৰিচো

কত অপমান,

 কত কটু কথা

তথাপি জীয়াই আছো

জীয়াই থকাৰ আশাৰে

উজ্জ্বল ভবিষ্যতৰ আশাৰে

সংস্হাপন হোৱাৰ আশাৰে।

সপোনক বাস্তব কৰাৰ আশাৰে।

সকলোৱে সুখে শান্তিৰে

মিলা-প্ৰীতিৰে জীয়াই থকাৰ আশাৰে::::::::::

আছো জীয়াই,,,,,,,,,,,,,,,

থাকিম জীয়াই

জীয়াই নাথাকিলেও

আশা হৈ থাকিম জীয়াই

এই পৃথিৱীত

নহলে

সকলোৰে মনত।



 :::::: ধনটি নেওগ

আবৰন

আবৰন

 :::::: ধনটি নেওগ

আহা আমি,
আন্ধাৰৰ আবৰন ফালি,

পোহৰ বিচাৰি যাওঁ।
হত্যা,হিংসা,ভ্ৰষ্টাচাৰৰ
শিপা উভালি পেলাওঁ।
আহা আমি,
সংসাৰৰ আৱৰ্জনা ৰূপী,
হিংসা-হত্যা আদি,
ব্যাধিবোৰক সমূলি
ত্যাগ দি,
দিও আহা নিজকে
ভদ্ৰ বুলি চিনাকি।
ভদ্ৰলোকৰ মুখা পিন্ধা
দালালবোৰৰ সমাজৰ,
পৰা কৰো আহা
নিজকে বহিষ্কাৰ।
আহা আমি,
হত্যা-লুণ্ঠন,ব্যাভিচাৰ,
বিয়পোৱা সকলক,
কৰো আহা আমাৰ 
সমাজৰ পৰা বহিষ্কাৰ।
আহা আমি,
সকলোৱে মিলি,
ঘূৰাই আনো সমাজলৈ
শান্তি-সম্প্ৰীতি আৰু মিলা প্ৰীতি।

::::;; ধনটি নেওগ

Saturday, August 11, 2018

দুনাই প্ৰেমত পৰিব নুখুজো

দুনাই প্ৰেমত পৰিব নুখুজো

       শুভ অসম

প্ৰতিদিনে
মোৰ ভগ্ন হৃদয়ত ন ন ছবি একোখন
কোনেনো গোপনে আঁকি যায় ।
নিশ্বাসৰ দৰে নিঃশব্দে তাই যেন মোক বিচাৰি ফুৰে ,
পল-অনুপল
কিজানিবা তাই মোৰ প্ৰেমত পৰিছে ‌।
মই জানোঁ
প্ৰেম মানেইতো হিয়াৰ এপাহি সুগন্ধি ফুল ,
ভয় লাগে
যদি আকৌ আস্থা বিশ্বাসৰ প্ৰাচীৰ
মোৰ হৃদয়ত মৰহি যায় ।।

Friday, August 10, 2018

মা

মাঁ
তোমাৰ বুকুৰ সেউজীয়া
অৰণ্য খন শেষ হৈ
ধূলিময় মৰুভূমি হবলৈ
বেছি পৰ নাই ।

আমি মানুহ অধিক জ্ঞানী হলো,
আধুনিকতা সাবটি অবুজ হৈ
তোমাক নাঙঠ কৰিলোঁ ।

মাঁ
তোমাৰ কলিজাৰ কেঁচা তেজ
অইল নামৰ কোম্পানীয়ে উলিয়াই
তোমাৰ বুকুতে সৰু-ডাঙৰ
আলি বনাই
গধুৰ যান-বাহন দৌৰাইছো ।
ডাৱৰৰ সতে কথা পাতিব পৰাকৈ
ওখ ঘৰ বনালো ।
অন্যান্য উদ্যোগৰ পৰা নিতৌ
ধোঁৱা উলিয়াই এৰিছো ।

মাঁ
তোমাৰ উশাহ লবলৈ বৰ
কষ্ট হয় চাগে
আৰু
হয়তো তোমাৰ
কোমল বুকুখনো বিষায় ।

উন্নয়নৰ নামত অন্যায় কৰিছোঁ,
আধুনিক হৈ
অত্যাচাৰ কৰিছোঁ ।

মাঁঁ
তুমি সহ্য কৰিবই লাগিব,
অন্য নহয়
এয়া পৰিবৰ্তন ।
বিশাল আকাশৰ তলত
উদং হৈ ৰৈছা,
...আমাৰ বাবে ।।

-শুভ অসম